Old school Easter eggs.
মুখ্য পৃষ্ঠা
13/09/25United States18:34

মৰমৰ কনেঙ

বাঁহীৰ মাত শুনি মোৰ কনেঙ জনী
ৰবকে নোৱাৰে নাচে হালি-জালি |

কহুঁৱা-বিৰিণা হালে-জালে
কনেঙৰ নাচোনৰ তালে-তালে ;
অভিমানি মলয়া জাক আহি
কনেঙৰ ৰিহাৰ আঁচল উৰুয়াই নিয়ে !

লুইতৰ পাৰতে ঘৰ সাজিছো
ইকৰাই গাঠিছো চাল ;
কনেঙ আহিব বুলি আশা বুকুত বান্ধী
বহুতো ৰাতি উজাগৰে কৰিছো পাৰ !

লুইতৰ বুকুয়েদি ভতিয়াই যামেগৈ
যদি নাহে কনেঙ মোৰ কাষলৈ ;
ৰিঙিয়াই মাতিলেও উলটি নাচাওঁ
নাপাব কোনোদিন বাঁহীৰ সুৰ
শুনিবলৈ !

বাঁহীৰ মাত শুনি মোৰ কনেঙ জনী
ৰবকে নোৱাৰে নাচে হালি-জালি |

____ৰাজু কলিতা

30/07/14